পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৯ )

চাণ্ডালৰ মুখক চাহন্ত যিটোজন।
সম্যকে অশুচি হৱে জানিবা তেখন॥
যদি বা চাণ্ডাল সমে হন্ত সম্ভাষণ।
সবস্ত্ৰে স্নানিলে শুচি হৱে সিটোজন॥
এতেকেসে তোঁহোঁক নাচাইব নৃপবৰ।
ভোজন কৰিয়া উঠি সত্বৰে অন্তৰ॥
শুনিয়া চণ্ডালে পাছে দিলন্ত উত্তৰ৷
একে চাল একে মাংস একে কলেৱৰ॥
একে সুখ দুঃখ একে ভোজন গমন।
একে বোল মত সবে ঐকেন্দ্ৰিয় গণ॥
কেন মতে চাৰি জাতি ভৈলা শ্ৰেষ্ঠতৰ
হেন শুনি বচন বুলিলা বৃকোদৰ॥
হস্তী ঘোড়া উট গণ্ড কুকুৰ শৃগাল।
সবে একে চতুষ্পদী শুনৰে চাণ্ডাল॥
কেনে নকৰস সবাহাকে একেমান।
কাৰো মাংস খাস কাকো চুইলে কৰা স্নান॥
চাণ্ডালে বোলন্ত ভাল বোলা বৃকোদৰ।
শাস্ত্ৰৰ সন্মতে হয় চাণ্ডালে বিস্তৰ॥
আমিসি চাণ্ডাল জাতি নামত মাতৰ।
বাস্তৱতে নহওঁ মই চাণ্ডাল বৰ্ব্বৰ॥