পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )

দশ দিগ পাল বসিলন্ত থানে থানে।
গন্ধৰ্ব্ব সকলে আসি ধৰিলা যোগানে॥
অপেস্বৰা নাচে বিদ্যাধৰে গাৱে গীত।
তেখনে নাৰদ ঋষি ভৈলা উপস্থিত॥
হৰি হৰ বিধাতাক কৰিলা বন্দন।
বুলিলা বচন পাছে ব্ৰহ্মাৰ নন্দন॥
ইন্দ্ৰ চন্দ্ৰ আদি যত আছে অন্যদেৱ।
হৰি হৰ ব্ৰহ্মাৰ সদৃশ নাহি কেৱ॥
চন্দ্ৰ সূৰ্য্য বংশ যত যত ৰাজাচয়।
যুধিষ্ঠিৰ ৰাজাৰ সদৃশ নাহিকয়॥
হেনয় সদৃশ ৰাজা নাহি নুপজিব।
সৰ্ব্বদাই নৃপতিৰ হৌক চিৰঞ্জীব॥
সত্যবাদী পৰম ধাৰ্ম্মিক দয়াশীল।
কৃষ্ণৰ চৰণে সখা ভকতি কৰিল॥
পুত্ৰত অধিক কৰি প্ৰজাক পালন্ত
কি কহিবোঁ যুধিষ্ঠিৰ ৰাজাৰ মহত্ত্ব॥
গম্ভীৰত সাগৰ নুহিকে সমসৰ।
ক্ষমায় ধৰণী যেন নুহী পটন্তৰ।
কোটি এক সুৰ্য্যসম অখণ্ড প্ৰতাপ।
দুখী ভিক্ষী প্ৰাণীৰ যে হেন মাৱ কাপ॥