পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩ )

সেহি হস্তিনাত জন্মেজয় নৰপতি।
গুৰুত পুছন্ত কথা কৰিয়া প্ৰণতি॥
এহি নগৰত মোৰ পিতা মহাশয়।
যিকালত অশ্বমেধ যজ্ঞক কৰয়॥
সেহিবেলা ধৰ্ম্মৰাজ জগত ঈশ্বৰ।
কিবাৰূপ ধৰি যাইবোঁ হস্তিনা নগৰ॥
পিতা পুত্ৰ দুই জনে কৰিলা সম্বাদ।
শুনিবাক ইচ্ছা প্ৰভু তোমাৰ প্ৰসাদ॥
বৈসম্পায়ন বদতি শুনিয়ো নৰেশ্বৰ।
যি কথা পুছিলা শুনিবাক ৰুচিকৰ॥
জগত প্ৰখ্যাত যুধিষ্ঠিৰ ৰাজ ঋষি।
তাহান চৰিত্ৰ কথা শুনিও হৰিষি॥
এক দিনা ঈন্দ্ৰ আদি দেৱতা সকল।
স্বৰ্গত পাতিলা সভা মহা কৌতুহল॥
আসিয়া বসিলা ব্ৰহ্ম বিষ্ণু মহাদেৱ।
পৰম আনন্দে দেৱগণে কৰে সেৱ॥
লক্ষ্মী সৰস্বতী গঙ্গা আদি দেবীচয়।
আনো দেৱকন্যা গণ তথাতে আছয়॥
ব্যাস আদি মুনিগণ আসিলা তথাক।
পাদ্যে অৰ্ঘে ইন্দ্ৰে পাছে তুসিলা সবাক॥