পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৫ )

যেন হৰিশ্চন্দ্ৰ পৃথু বলি বিৰোচন।
নল ঘোষ মান্ধাতা প্ৰমুখে ৰাজাপণ॥
ইসবৰ সম ৰাজা যুগে যুগে পাই।
যুধিষ্ঠিৰ সম ৰাজা ত্ৰিভূবনে নাই॥
এহিমতে ৰাজাক প্ৰশংসে মুনিৰাজ।
কৌতুকে শুনন্তে আছে দেবতা সমাজ॥
নাৰদৰ মুখে শুনি পুত্ৰৰ চৰিত।
তেতিক্ষণে ধৰ্ম্মৰাজা ভৈলা আনন্দিত॥
পৰম ধাৰ্ম্মিক মোৰ পুত্ৰ যুধিষ্ঠিৰ।
কিবাৰূপ ধৰি যাইবো পুত্ৰৰ মন্দিৰ॥
চণ্ডাল স্বৰূপ ধৰি হস্তিনাক যাওঁ।
পুত্ৰৰ বৈভব সব জিজ্ঞাসিয়া চাওঁ॥
এহি বুলি ধৰ্ম্মেধৰি চাণ্ডালৰ বেশ।
হস্তিনা পুৰত আসি ভৈলন্ত প্ৰবেশ॥
নগৰ দেখিয়া ধৰ্ম্ম আনন্দিত ভৈলা।
প্ৰত্যেক দ্বাৰত বুদ্ধি চাহিবাক লৈলা॥
দেখিলন্ত আনো যত আতি বিতোপন৷
পৰম নিৰ্ম্মল সৰোবৰ বিতোপন॥
তপ্ত সুবৰ্ণৰ কান্তি জলে গৃহচয়।
হাট বাট নগৰ সমস্তে ৰত্নময়॥