পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২ )

বোলোঁ কৰ যোৰে শুনা সভাসদ লোক।
অল্পমতি জানি নিন্দা নকৰিবা মোক॥
অশ্বমেধ পৰ্ব্ব ভাৰতৰ মধ্যে সাৰ।
শ্লোক-অৰ্থ চাই পদ নিবন্ধিবোঁ তাৰ॥
শিৱ সিংহ ধৰ্ম্ম ৰজা গুণে নাৰায়ণ।
কৰন্ত ভকতি সদা কৃষ্ণৰ চৰণ॥
তাহান আদেশ পাই দ্বিজ শুভনীথে।
ৰচিলা পয়াৰ হৰি পদ ধৰি মাথে॥
পৰম মহন্ত যুধিষ্ঠিৰ নৃপবৰ৷
ছদ্মরূপে ধৰ্ম্মদেৱ আইলা তাৰ ঘৰ॥
হেন জানি বুদ্ধ জন নিন্দা নকৰিবা।
ভজিলে সম্প্ৰতি প্ৰাণ উদ্ধাৰ কৰিবা॥
পিতা পুত্ৰে দুয়োজনে ভৈলা একঠাই।
কৰিলা সম্বাদ দুয়ো দুনাই দুনাই॥
শুনা ইটো ভাৰতৰ পুণ্য পদ কথা।
লভিবা মুকুতি সুখ নাহিকে অন্যথা॥
হেন জানি বুদ্ধজন শুনা সাৱধানে।
বৈসম্পায়ন বোলে জন্মেজয় বিদ্যমানে॥
দ্বাপৰ যুগত যেৱে হস্তিনা নগৰি।
নিৰ্ম্মিলন্ত মহাজনে বিশ্বকৰ্ম্ম গিৰি॥