পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৪ )

নমস্কাৰ কৰি ৰাজা বুলিলা বচন।
আজিসে ভৈলেক মোৰ সাম্ফল জীৱন।
আজিসে সাম্ফল ৰাজ্য যজ্ঞ তপদান
দেৱতাৰ পূজ্য পিতৃ আইলা মোৰ থান।
ধন্য ধন্য জন্ম মোৰ তযু দৰশন।
সৰ্ব্বপাপ হন্তে মোক কৰিলা ৰক্ষণ।
এহিমতে অনেক বুলিলা তুতি বাণী।
পাদ্য অৰ্ঘে ধৰ্ম্মক পুজিলা মহামানী।
তুষ্টহুয়া ধৰ্ম্মদেৱ হৰষিত মনে
পুত্ৰক সাবটি ধৰিলন্ত তেতিক্ষণে।
আশ্বস আশ্বাস বচনে পাছে বুলিলা বচন।
দেওঁ হাক বাপ তুমি শুনা সাৱধান।
দুষ্টক দণ্ডিয়া কৰা সন্তক পালন।
অন্যায় কৰিয়া নহৰিবা পৰধন।
কাম ক্ৰোধ লোভ মোহ কৰা পৰিহাৰ।
মুক্তিৰ লক্ষণ জানা ইসব প্ৰকাৰ।
দুখী ভূখী প্ৰাণীক কৰিবা প্ৰতিপাল।
তেবে তোমাক ঈশ্বৰে ৰাখিব সৰ্ব্বকাল।
ৰাজনীতি ধৰ্ম্ম তুমি সকলে জানস।
স্বৰ্গলোকে বখানয় তোমাৰ যশক।