পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৫ )

নাৰদৰ মুখে শুনি তোমাৰ চৰিত।
তিলমাত্ৰ নপাৰিলোঁ থাকিবে স্বৰ্গত।
চাণ্ডাল স্বৰূপ ধৰি হস্তিনাক আইলোঁ।
লোকৰ মুখত তযু শুভ বাত্ৰা পাইলোঁ।
হস্তিনাক পুৰক আসি পশিলো ত্বৰিত।
তোমাক দেখিয়া মোৰ শা শান্ত ভৈলা ত্ত চিত্ত।
পিতা পুত্ৰে দুই জন ভৈলোঁ একস্থান৷
কৰিলো মেলানি পুত্ৰ থাকিও কৈল্যাণ।
এহিবুলি ধৰ্ম্ম চলিগৈলা নিজস্থান
ধৰ্ম্মৰ সম্বাদ সমাপতি এহিমান।
বৈশম্পায়ন বদতি শুনিও জন্মেজয়।
ধৰ্ম্মেসে পৰম বস্তু জানিবা নিশ্চয়।
ধৰ্ম্মসে কৰয় গিৰি গৃহক প্ৰকাশ।
ধৰ্ম্মেসে পৰম বস্তু ব্যাধিৰ বিনাশ৷
ধৰ্ম্মেসে কৰয় সমস্তৰে শত্ৰুক্ষয়।
যিটোধৰ্ম্ম চিন্তে তাৰ হবে জয় জয়।
যিবা পড়ে যিবা শুনে ধৰ্ম্মৰ সম্বাদ।
শ্ৰৱণে গুছিবে পাপ মিলিবে সম্পদ।
কৃষ্ণৰ কিঙ্কৰে কহে দ্বিজ সুভনাথে।
হৰি পদ পঙ্কজক ধৰি নিজ মাথে।