পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৩ )

যজ্ঞ কৰি আজিহে লভিলোঁ শুভ ফল।
তষু দৰশনে আসি মিলিলা সকল।
কিবা নাৰায়ণ তুমি জগত ঈশ্বৰ।
চাণ্ডালৰ ৰূপধৰি আইলা মোৰ ঘৰ।
তুমি ইন্দ্ৰ চন্দ্ৰ প্ৰভু কিবা ব্ৰহ্মাহৰ।
কিবা ধৰ্ম্ম পিতৃ মোৰ কহিয়ো সত্বৰ।
স্বৰূপ কৰিয়া কহা নভাণ্ডিবা মোক।
আপোনাৰ নিজৰূপ এবে ধৰিয়োক।
বৈশম্পায়ন বদতি শুনিওঁ নৰেশ্বৰ।
পুত্ৰৰ চৰিত্ৰ শুনি হৰিষ বিস্তৰ।
নিজৰূপ ধৰি পাছে ধৰ্ম্মে বুলিলন্ত।
সাধু সাধু মোৰ পুত্ৰ নৃপতি মহন্ত।
সত্যে সত্যে সত্যে বাপু কহোঁ সাৰে সাৰ।
স্বৰূপত হওঁ মই জনক তোমাৰ।
চাণ্ডাল স্বৰূপে আইলোঁ নধৰিৱা দোষ।
বিস্তৰ বুলিলো বাপ নকৰিবা ৰোষ।
হেন শুনি আথে বেথে পাণ্ডুৰ নন্দন।
পিতৃৰ চৰণ পৰি কৰিলা বন্দন।
বৃকোদৰ নকুল অৰ্জ্জুন সহদেৱ।
ধৰ্ম্মৰ চৰণে পৰি কৰিলন্ত সেৱ।