সমললৈ যাওক

পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩২ )

শ্ৰাৱণ কাৰ্ত্তিক মাঘ বৈশাখ মাসৰ।
পূৰ্ণিমা তিথিত স্নান দান নিৰন্তৰ।
যিজনে নকৰে জানা সেহিসে পাপিষ্ঠ।
আমি হেন পাপিষ্ঠ নহওঁ কদাচিত।
তোমাতেসে আছে বেদ শাস্ত্ৰ তুমি জানা।
হয় কি নহয় ৰাজা হেন মনে মানা।
বৈশম্পায়ন বদতি শুনিয়ো জন্মেজয়।
হেন শুনি মৌন ভৈলা কুন্তীৰ তনয়।
ধ্যানে যুধিষ্ঠিৰ ৰাজা চাহিলা আত্মাত।
নুহিকে চাণ্ডাল ইটো জানিলোঁ সাক্ষাত।
ছদ্মৰূপে পিতৃ আইলা গৃহক আমাৰ।
মিলিলা সম্ভ্ৰম হৰিষৰ নাহি পাৰ।
পৰম আনন্দে ৰাজা বুলিলা বচন।
নুহিকে চাণ্ডাল ইটো জানিলোঁ এখন
তোমাকেসে চিন্তি আছোঁ মই বাৰম্বাৰ।
সিহেতু আসিলা তুমি গৃহক আমাৰ।
বৃথাভৈল যজ্ঞ তাত নাহি কষ্টমন।
সাম্ফল জনম মোৰ তযু দৰশন।
দেৱহুয়া মোৰ গৃহে ভৈলা অভ্যাগত।
পুজিবাক লাগে অতি তযু চৰণত।