সমললৈ যাওক

পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্ম্ম সংবাদ।

কৃষ্ণায় নমঃ

⸺⸺

পদ।

জয় নমো নাৰায়ণ বৈকুণ্ঠৰ পতি।
ব্ৰহ্মা হৰে চিন্তে যাৰ চৰণ সম্প্ৰতি॥
বসুদেৱ গৃহে পূৰ্ণ কৃষ্ণ অৱতাৰ।
খণ্ডালা অসুৰ মাৰি পৃথিবীৰ ভাৰ॥
হে কৃষ্ণ পদে কৰোঁ সহস্ৰ প্ৰণাম।
পাতকিও তৰে যাৰ লৈলে গুণ নাম॥
সৰস্বতী মাতা যদি হয়ো সুপ্ৰসন্ন।
হৰি ভকতৰ গুণ কৰিবোঁ বৰ্ণন॥