পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৮ )

বাটচাই আছে মোক সবে দ্বীজগণ৷
হেন শুনি অভ্যাগতে বুলিলা বচন।
নুভুঞ্জিবো নুভুঞ্জিবো ৰাজা তব অন্ন।
একোকালে ৰাজ-ঘৰে নকৰোঁ ভোজন।
কেনে নুভুঞ্জস অৰে চাণ্ডাল বৰ্ব্বৰ।
বিনা দোষে মোক আজি অন্যায় নকৰ।
অষ্টাধিক চতুৰ্থ যে বিংশতি হাজাৰ।
মুনিগণে ভূঞ্জে নিতে গৃহত আমাৰ।
সুবৰ্ণৰ পাত্ৰে মই ভূঞ্জাওঁ সাদৰে।
তই কেনে ভোজন নকৰ মোৰ ঘৰে।
হেন শুনি অভ্যাগতে বুলিলা বচন।
মায়ায়ে মোহিত ত্ৰৈলোক্যৰ প্ৰাণীগণ।
সিকাৰণে মোহ হৈয়া লোক গণ যত।
ভোজন কৰয় নিতে তোমাৰ গৃহত॥
যিটো জনে ৰাজ-ঘৰে কৰব ভোজন।
শুনা সাৱধানে ৰাজা ইহাৰ কাৰণ।
সপ্তদ্বীপ পৃথিৱীৰ লোক যত যত।
প্ৰতিদিনে পাপতাৰ সিজে অপৰ্য্যন্ত॥
তাসম্বাৰ ধন তুমি লোৱা মহাৰাই।
সিকাৰণে তোমাৰ পাপৰ সীমা নাই॥