পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৯ )

পৰ্ব্বতৰ জল যেন সমুদ্ৰত পৰে।
প্ৰজাৰ পাতক ধন যাই ৰাজঘৰে॥
দুৰ্জ্জন সকলে যদি অধৰ্ম্ম কৰয়।
সিটো পাপে নৃপতিক অৱশ্যে পাৱয়॥
সাধুসবে ধৰ্ম্ম আচৰই ঠায়ে ঠায়ে।
ছইভাগ কৰি ৰাজা একভাগ পাৱে॥
পশু মধ্যে অধম কুকুৰ বুলি যাক।
দশ কুকুৰৰ সম কুমাৰৰ চাক॥
দশ খান কুমাৰৰ চাকৰ সমান।
হবে অপবিত্ৰ ৰজকৰ পাটখান॥
দশ খান পাটৰ সমান বেশ্যাজাতি।
দশ বেশ্যা সমান নৃপতি হৱে আতি॥
এতেকেসে তযুঘৰে নকৰোঁ ভোজন।
কেন পাপী হৈবো মই অন্নৰ কাৰণ॥
যদি বোলা ইটো কথা তুমি আছা জানি।
মুনিগণে ভুঞ্জে জানো ইহাক নাজানি॥
ইতৰ জাতীয়ে আৰু ব্ৰাহ্মণ সকল।
কিন্তু শুচি হোৱে সিটো মহা মন্ত্ৰবল॥
যদি মন্ত্ৰে হয়ে শুচি ব্ৰাহ্মণ সকল।
কুঞ্জৰৰ সৌচ যেন দুনাই বান্ধে মল॥