পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৭ )

মাতৃৰ লাৱণ্য মোহে পাৱে জৰি বান্ধি।
অনায়াসে দুহিবন্ত দৈবেও নবাধি।
দুগ্ধ যেনথৈলা নিয়া কলসে ভৰাই।
সেহি মতে মাতৃৰ গৰ্ভত লৈলোঁ ঠাই।
পূৰ্ণ দশ মাসে বাজ ভৈলোঁ গৰ্ভহন্তে।
উপজিলা ঘৃত যেন দুগ্ধক মথন্তে।
কাষ্ঠ ঘৰিষণে যেন অগনি বজাইলা।
তেলিয়াৰ জাতো যেন তৈলক নমাইলা।
কুৰ্ম্মৰূপে যেন মতে সাগৰ মথিলা৷
তাহাৰ মধ্যত যেন অমৃত উঠিলা॥
সেহিমতে উপজিলা আমাৰ শৰীৰ।
আউৰ প্ৰশ্ন কৰা কিছু কহেঁ যুধিষ্ঠিৰ।
বৈসম্পায়ন বদতি শুনিও জন্মেজয়৷
হেন শুনি যুধিষ্ঠিৰ ভৈলন্ত বিস্ময়৷
পৰম পণ্ডিত কিনো অতিথি চাণ্ডাল।
নতু দেখি শুনি হেন জন একোকাল।
মিলিলা সম্ভ্ৰম আসি অতিথি পূজন্তে।
ষোড়ৰস পঞ্চামৃত অনাইলা ত্বৰিতে।
অতিথিক বোলে বাপু কৰিয়ো ভোজন।
বেলি হোৱে যজ্ঞস্থানে যাওঁ এতিক্ষণ।