এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৬ )
ডেৰ হস্ত পৃথিবী জানিবা কুন্তীসুত।
ইসব কথাৰ মই কহিলোঁ প্ৰস্তুত॥
বুজিবা আকাশ চাৰি আঙ্গুল কপাল।
দুই গোটা নেত্ৰ তাৰ দেখিবাক ভাল।
দুই স্তনে মেঘথীৰ বহে দশধাৰ।
ডেৰ হাত ভূমি কৰে দেহক সংহাৰ।
মুখে অল্প হাসি পুনু নৃপতি পেছন্ত॥
আৰু এক কথা পোছো তোমাৰ আগত৷
পিতৃ মাতৃ আছে দুয়ে কুমাৰ কালত।
সিবেলাত আছিলাহা কাহাৰ গৰ্ভত॥
অতিথি বোলন্ত শুনা ধৰ্ম্মৰ তনয়।
কাষ্ঠৰ মধ্যত যেন অগনি থাকয়।
দুগ্ধৰ মধ্যত যেন থাকে ঘৃত যত।
তিলৰ মধ্যত তৈল থাকে যেন মত৷
আছে মহা জ্ঞান যেন দেহৰ মধ্যত।
সেহি মতে আছিলোহোঁ পিতৃৰ গৰ্ভত।
যিকালত পিতৃ মোৰ ভৈগৈলা যুৱত।
বিহাইলা মাতৃক পাছে কামে হুয়ামত্ত।
পয়স্বিনী ধেনু যেন পিতৃ মহাভাগ৷
মদন গোৱালে পাছে তাঙ্ক পাই লাগ।