পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৫ )

অন্নদান কৰে যিটো পৰম আক্ৰোশে।
পুনু পুনু গৰ্ভত পচয় সেহি দোষে॥
পৰ নাৰী হৰে নৰে হৰে পৰধন।
পুনঃ পুনঃ জন্ম মৃত্যু হোৱে সিকাৰণ॥
আৰ্জ্জিত ধনক যিটো নিয়ে চুৰি কৰি।
স্তন পিবে নপাৱয় আগে যায় মৰি॥
যিটো জনে ইষ্টদেৱ পূজে ভক্তি ভাবে।
নকৰে অন্যায় সদা ধৰ্ম্মপন্থ চাৱে॥
দেশ কাল চাই সদা কৰে অন্নদান।
সিকাৰণে উত্তম স্বৰ্গত হৱে স্থান॥
হৱে চিৰঞ্জীৱ যিটো পাৱে মহাসুখ।
ইহ পৰ লোকে তাৰ নাই কিছু দুখ॥
যুধিষ্ঠিৰে বোলে কথা কহিয়ো প্ৰত্যেক।
হোৱয় আকাশ খান আঙ্গুল কতেক॥
গণিয়া কহিয়ো কত আকাশৰ তাৰ।
কত হস্ত পৃথিৱী নদী কত ধাৰা॥
চাণ্ডালে বোলয় শুনা নৃপতি প্ৰধান।
হোৱয় আকাশ চাৰি আঙ্গুল প্ৰমান॥
দুই গোট তাৰা মাত্ৰ আকাশ মণ্ডলে।
বৰিষন্ত মেঘ দশ ধাৰা বৃষ্টি জলে।