পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২ )

ধৰ্ম্মেসে কেৱলে মিত্ৰ মৰণ সময়।
চাৰিয়ো প্ৰশ্নৰ মই কহিলোঁ নিৰ্ণয়॥
পুনৰপি যুধিষ্ঠিৰ বুলিলা বচন।
কেন মতে বেদগণ ভৈলা উতপন॥
কাহাত থাকয় বেদ বোলয় কাহাক।
হেন শুনি অভ্যাগতে বুলিলন্ত বাক॥
ব্ৰহ্মাহন্তে বেদগণ ভৈলা উতপন।
সাবিত্ৰী মাতৃয়ে তাক কৰিলা পালন॥
ব্ৰহ্মাত উপজে বেদ একেসে কহয়।
বেদৰ ব্ৰহ্মৰ কিছু ভিন্ন নাহিকয়॥
পুনৰ প চাণ্ডালত নৃপতি পোছয়।
গৃহাশ্ৰম ধৰ্ম্মত কতেক পুণ্য হয়॥
চন্দ্ৰৰ সূৰ্য্যৰ গ্ৰহণাদি পৰ্ব্ব যত।
তাত স্নান দান কৰি পুণ্য পাৱে কত॥
গঙ্গা আদি তীৰ্থ স্নানে কি পাৱে ফল
এখনে ছেদিযো মোৰ সংশয় সকল॥
মায়াবী চাণ্ডালে পাছে দিলন্ত উত্তৰ৷
সামান্য নদীত স্নান আদি নিৰন্তৰ॥
ইসবত মানি পুণ্য পাৱে যত যত।
তাৰ লক্ষগুণ পুণ্য চন্দ্ৰ গ্ৰহণত॥