পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

যিকালত মৰি,  পৰ লোকে যাই,
 মিত্ৰ হোৱে কোন জন।
চাৰিবো প্ৰশ্নৰ, সংশয় ছেদিয়া,
 কহিওক এতিক্ষণ॥
শাস্ত্ৰত প্ৰসিদ্ধ, ইসব কাহিনী,
 যেন অমৃতৰ সম;
কহে দ্বিজ শুভ, নাথ অল্পমতি,
 ডাকি বোলা ৰাম ৰাম॥

———

পদ।

বৈসস্পায়ন বদতি শুনিও নৰেশ্বৰ।
নৃপতি পুছিলা চাৰি প্ৰশ্নৰ উত্তৰ॥
মায়াবী চাণ্ডালে শুনি দিলন্ত উত্তৰ।
শুনা সাৱধানে যুধিষ্ঠিৰ নৃপবৰ॥
গৃহৰ বান্ধৱ পিতৃ মাতৃ পুত্ৰগণ।
ভাৰ্য্যাৰ সমান মিত্ৰ নাহি একোজন।
পৰ দেশে মিত্ৰ বিদ্যা সম নাহিকেৱ
আপদ কালৰ মিত্ৰ ধনেসে হোৱয়॥