পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৩ )

অয়নাদি সূৰ্য্যৰ যতেক পৰ্ব্বচয়।
দশ লক্ষ পুণ্য তাত জানিবা নিশ্চয়॥
কোটি লক্ষ গুণ পুণ্য তীৰ্থ প্ৰসঙ্গত।
কোটি অযুত লক্ষ গৃহ অশ্ৰমত॥
গৃহাশ্ৰম ধৰ্ম্মসম কোন ধৰ্ম্ম নাই।
নিয়ম সঞ্জম মাত্ৰ থাকিব সদায়॥
অতিথিত পোছে কথা নৃপতি দুনাই।
যমুনাত স্নান কৰি কিবা ফল পাই।
কিবা ফল পাৱে গঙ্গা গোমতীত স্নানে॥
কিবা ফল পাৱয় গয়াত পিণ্ডদানে।
অতিথি বোলন্ত কথা শুনা নৰেশ্বৰ।
গঙ্গাত স্নানিলে পুণ্য বাঢ়ে বহুত্তৰ॥
যমুনাত স্নানে হোৱে শৰীৰ নিৰ্ম্মল।
গোমতীতে স্নানে পাৱে সৰ্ব্বতীৰ্থ ফল॥
শ্ৰাদ্ধ কৰি গয়াত কৰয় পিণ্ডদান।
তুষ্ট হুয়া পিতৃগণে পায় স্বৰ্গস্থান॥
নৃপতি বোলন্ত আৰু কহা অভ্যাগত৷
পিতৃ মাতৃ ভাতৃ যাৰ নাহিকে গৃহত॥
নাহিকে ভগিনী যাৰ মিত্ৰ বন্ধুজন।
কেন মতে গৃহ সুখে থাকে সিটোজন॥