পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০ )

যত তীৰ্থ ব্ৰত,  যাগ যজ্ঞ দান,
 তপ যপ আদি কৰি।
ইসব পুণ্যক,  গৃহে বসি পাৱে,
 অতিথিক পুজা কৰি॥
হেন শুনি পুনু,  নৃপতি পোছন্ত,
 কহা বাপু অভ্যাগত।
কৈৰ পৰা ধৰ্ম্ম,  ভৈলা উতপন্ন,
 ধৰ্ম্ম বাঢ়ে কেনমত॥
কোন স্থানে ধৰ্ম্ম, থাকই সদাই,
 কি হেতু হোৱে বিনাশ।
চাণ্ডাল বদতি,  শুনিও নৃপতি,
 ধৰ্ম্মৰ কহে প্ৰকাশ॥
সত্য হন্তে ধৰ্ম্ম, উপজয় পুনু,
 দয়াত বাঢ়য় আতি
ক্ষমাতেসে ধৰ্ম্ম, সদাই থাকই,
 ক্ৰোধত বিনাশ যান্তি॥
নৃপতি পোছন্ত,  গৃহত থাকন্তে,
 কোন মিত্ৰ পুৰুষৰ
পৰ দেশে গৈলে,  হোৱে কোন মিত্ৰ,
 কোন মিত্ৰ আতুৰৰ॥