পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৯ )

কৰে দেৱ পূজা,  নাহি আস্তি বুদ্ধি,
 কপট মাত্ৰ দেখায়।
অতিথি নুপূজে,  নানা যজ্ঞ কৰে,
 ইসব নিস্ফল যায়॥
বিনা মন্ত্ৰে হোম,  বিনা তিল শ্ৰাদ্ধ,
 ৰজস্বলা কন্যা দান।
ইসব অধৰ্ম্মে,  সপ্তম কুলক,
 দহে জানা বিদ্যমান॥
শত্ৰু মিত্ৰ চোৰ,  চাণ্ডাল অধম,
 মহা পাপী আত্মাঘাতী।
নকুল মাৰ্জ্জাৰ, কুকুৰ শূকৰ,
 আনো পশু পক্ষী জাতি॥
ইসব যদ্যপি,  গৃহস্থৰ ঘৰে,
 হোৱে আসি অভ্যাগত।
বিষ্ণু দেৱ সম,  সবে পুজ্যগুৰু,
 কহে মহামুনি যত॥
নগৰে বা গৃহে  পুখুৰীৰ পাৰে,
 নদী তীৰে বৃক্ষতল
অতিথিক লাগ,  পাই পূজে নৰ,
 পাৱে সৰ্ব্ব তীৰ্থ ফল॥