পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )

গৃহস্থৰ ঘৰে,  সদাই নুগুছে,
 তৃণভূমি অগ্নি জল।
অতিথি নুপূজে,  তথাপি যি জন,
 পৰম সিটো নিস্ফল॥
শুনা কহোঁ তাৰ,  যিমান পাতেক,
 সিজে অতিথিত হন্তে।
অনেক জন্মৰ, পুণ্য নষ্ট হৱে,
 অতিথিক নুপূজন্তে॥
অতিথি আহিলে  তাঙ্ক অৱহেলি,
 আপুনি মাত্ৰ ভঞ্জই৷
অন্ন নুভূঞ্জই,  গো-মাংস ভুঞ্জই,
 জলপান সুৰামই॥
যাৰ গৃহ হন্তে,  আশা ভঙ্গ হুয়া,
 অতিথি যান্ত বেৰাই।
তেতিক্ষণে তাৰ,  দেৱ পিতৃগণ,
 অতিথিৰ সঙ্গে যাই॥
কোটি কোটি তাৰ,  শ্ৰদ্ধা বলি পূজা,
 তেখনে হোৱে বিনাশ।
পদে পদে আসি, ব্ৰহ্মহত্যা পাপ,
 লাগে যেন অপ্ৰয়াস।