পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭ )

মিলিলা সংশয়, কথা পোছোময়,
 কহিয়ো আবে নিশ্চয়।
আছে দ্ৰব্য যাৰ,  অতিথি সেৱাৰ
 দিবাক সিটো পাৰয়॥
গৃহে নাহি যাৰ,  ভোজন সম্ভাৰ,
 ভিক্ষা কৰি মাত্ৰ খাই।
তাহাৰ গৃহত,  ভৈলা অভ্যাগত,
 পুজিব কোন উপাই॥
বোলন্ত চাণ্ডাল,  শুনা মহীপাল,
 স্বৰূপ পুছিলা তুমি।
গৃহস্থৰ ঘৰে,  সদাই নুগুচে,
 তৃণ জল অগ্নি ভূমি॥
অতিথি ভুঞ্জাইবে,  যদি অন্ন নাই,
 দিব আনি ফল মুল।
তৃণ জল ভূমি,  দিব ভক্তি ভাৱে,
 দিবেক পাছে তাম্বুল॥
ইসৱ যদ্যপি,  গৃহত নথাকে
 শুনিওঁ তাৰ উপাই৷
পৰম সাদৰে,  প্ৰিয় বাক বলি,
 নিজ গৃহে দিয়ে ঠাই॥