পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৬ )

হৰি বিনে যুধিষ্ঠিৰ নিচিন্তয় আন।
ছদ্মৰূপে হৰি গৈলা নৃপতিৰ থান॥
দেখা সৰ্ব্বজন নৃপতিৰ মহাভাগ।
গৃহতে বসিয়া ঈশ্বৰক পাই লাগ॥
হেন জানি সৰ্ব্বজনে এৰি আন কাম।
কৃষ্ণৰ চৰণে সদা কৰিয়ো প্ৰণাম॥
এতেকে কৃষ্ণত মাত্ৰ ৰহিব ভকতি।
ভক্তিৰ সাধন হৰি নামেসে সম্প্ৰতি॥
জানি ধৰা ভকতিক আন পৰিহৰি।
পাতেক চাৰোক ডাকি বোলা হৰি হৰি॥

⸻⸻


দুলৰি।

পাছে নৃপবৰ,  দিলন্ত উত্তৰ,
 চাণ্ডালৰ বাণী শুনি।
শুনিওঁ চাণ্ডাল, কহিছাহা ভাল,
 শাস্ত্ৰক জানা আপুনি॥