সমললৈ যাওক

পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৫ )

পৰমা দৰিদ্ৰ মোৰ ঘৰে কিছু নাই।
ক্ষুধাতুৰ হুয়া আসি আছো তযুঠাই॥
দৰিদ্ৰ জনক যিটো দিয়ে বহুধন।
অপূৰ্ব্ব প্ৰতিমা পাইলে কৰয় পূজন॥
কোটি অশ্বমেধ কৰি নপাৱে যি ফল।
গৃহতে বসিয়া তাক পাৱয় সকল॥
আমাৰ বচন তুমি নকৰা অন্যথা।
হৰি হৰ ব্ৰহ্মাৰ বচন ইটো কথা॥
দূৰহন্তে ভ্ৰমি আসি জিৰাবে পন্থত।
নিশাকালে আসি যদি হোৱে অভ্যাগত॥
মহাযত্ন শুশ্ৰুষা কৰয় যদি তাক।
লতিব অক্ষয় স্বৰ্গ ঈশ্বৰৰ বাক॥
কৃষ্ণৰ কিঙ্কৰে কহে শুনা সভাসদ।
পৰম পবিত্ৰ ইটো ভাৰতৰ পদ॥
আত পৰে নাহি গতি জানিবা কলিত।
ভক্তৰ চৰিত্ৰ ইটো কৰ্ণৰ অমৃত॥
হৰিৰ ভক্তৰ নাহি তিলেক অন্তৰ।
আকাশৰ বায়ুৰ যে হেন পটন্তৰ॥
এতেকেসে ভক্তৰ চৰিত্ৰ কথা শুনি।
লক্ষ্মীপতি ভগৱন্ত ফুৰন্ত আপুনি॥