পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৪ )

তোমাক দেখিবে লাগি তাৰ আছে মন।
চলা দ্বাৰে যাওঁ তাক দিয়ো দৰিশন॥
যজ্ঞ আচৰিবে লাগি হুয়া আছে বেলা।
আসা দ্বাৰে চলি যাওঁ নকৰিবা হেলা॥
ভীমৰ বচনে যুধিষ্ঠিৰ চলি গৈলা।
দ্বাৰে গৈয়া অতিথিক দৰশন ভৈলা॥
শুনিও অতিথি আসি আছা কি কাৰণ।
আমাক দেখিবে তোৰ কিবা প্ৰয়োজন॥
মায়াবী চণ্ডালে বোলে শুনা মহাৰাজ।
তোমাক দেখিলোঁ সিজিবেক সবে কায॥
নৃপতিসে পিতা মাতা প্ৰজা সমস্তৰ।
অবন্ধুৰ বন্ধু তুমি চক্ষু অন্ধকৰ॥
গুৰু সমস্তৰ গুৰু নৃপতি সকল।
অগতিৰ গতি তুমি দুৰ্ব্বলৰ বল॥
বিদ্যাসে জানিবা বল ব্ৰাহ্মণ সৱৰ।
মুৰ্খৰ মৌনসে বল নিৰ্ভয় বোৰৰ॥
শিশুৰ ক্ৰন্দনে বল মৎস্যৰ সুজল।
পক্ষীৰ আতাশে বল বেশ্যাৰ চঞ্চল॥
কৰ্ম্মৰ সত্যেসে বল কহে মুনিগণ।
দৰিদ্ৰৰ বল তুমি পাণ্ডুৰ নন্দন॥