পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )

হাঁসিয়া বোলন্ত যুধিষ্ঠিৰ নৃপবৰ
কি কহিলি আৰ কি কহিবো বৃকোদৰ॥
বায়ু পুত্ৰ ভীম তই ত্ৰৈলোক্য বিজয়ী।
তোহোঁক ভঙ্গাইলে যিটো মানুষ নহই॥
কিমত লক্ষ তাৰ কহা কেন ঠান।
হেন শুনি ভীমসেনে বুলিলা বচন॥
শুনা দাদা লক্ষণ তাহাৰ যেন ঠান।
আতি কৃষ্ণবৰ্ণ কায় কাকৰ সমান॥
ৰক্তবণ চক্ষু দুই দেখি নিৰূপম।
লম্বোদৰ মুক্তকেশ পিঙ্গটা বৰণ॥
বাক্যত চাতুৰী যেন পণ্ডিতৰ ঠান।
তযু হস্তে ভুঞ্জিবে খোজই মাগে দান॥
নৃপতি বোলন্ত কৃষ্ণ বিষ্ণুদেৱ হৰি।
চাণ্ডালক দান কৰিবোহোঁ কেন কৰি॥
নতু দেখি শুনি হেন কালে একোমত।
কেন মতে তাহাক কৰিবোঁ গৃহাগত॥
হেন শুনি ভীমসেনে বুলিলা বচন।
ৰাজা হুয়া ভৈলা তুমি দ্বিজৰ লক্ষণ॥
অতিথিক যিবা জনে কৰাৱে ভোজন।
তাৰ জাতি কুল তুমি পোছা কি কাৰণ॥