পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২ )

থমকি ৰহিলা হস্তী অঙ্কুসৰ ঘাৱে।
আথে বেথে গৈলা ভীম নৃপতিৰ ঠাৱে॥
অভ্যন্তৰে আছে যুধিষ্ঠিৰ নৃপবৰ।
নাগ যেন ফোফাই যাই বীৰ বৃকোদৰ॥
প্ৰণাম কৰিয়া যাই ৰাজাত কহন্ত।
এগোটা অতিথি আসি দ্বাৰত আচন্ত॥
হেন মনে জানো কিছু জানে শাস্ত্ৰতত্ত্ব।
তান পাসে চলা আপোনাৰ অভিমত॥
লজ্জায়ে নকৈলা ভীম সি সব কাহিনী।
অনন্তৰে যুধিষ্ঠিৰ বুলিলন্ত বাণী॥
কি কাৰণে আইলা বাপু কহ বৃকোদৰ।
অতিথি পূজাক তই জান নিৰন্তৰ॥
কি কাৰ্য্যে অতিথি আসি আচয় দ্বাৰত।
কোনেবা বুজিব তোমাসাৰ অভিমত॥
হেন শুনি ভীম সেনে বুলিলা বচন।
আসি আছে দ্বাৰত অতিথি একজন॥
পৰম পণ্ডিত তেওঁ শাস্ত্ৰত প্ৰধান।
আমি সনে বিবাদ কৰিলা বহুমান॥
ভঙ্গাইতে নাৰিলোঁ দাদা কৰোঁ নমস্কাৰ।
এতেকে আসিলোঁ মই কিঙ্কৰ তোমাৰ॥