পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১ )

নাচাৱয় ভাল, মন্দ বেদ বিচাৰই।
সেহিসে চাণ্ডাল দেখিবাক যোগ্যনই॥
বৃদ্ধকালে পিতৃ মাতৃক নোপোহয়
অধম চাণ্ডাল সিটো জানিবা নিশ্চই॥
হয় হস্তী প্ৰেতৰ লৱয় ধেনুদান।
তিনিয়ো সন্ধ্যাত কৰে মৈথুন প্ৰধান॥
অকলে ভুঞ্জয় যত দ্ৰব্য ভালে ভাল।
ইসব প্ৰকাৰে তাক বোলয় চাণ্ডাল॥
প্ৰথমে অষ্টম মাসে গৰ্ভাৱতী নাৰী।
আলাপই অন্নক ৰন্ধাৱে নিবিচাৰি॥
গৰ্ভহত্যা পাপে সিটো হোৱন্ত চাণ্ডাল
আচোক চুইবাক চাহিবাক নুহিভাল॥
পশু মধ্যে গৰ্দ্ধভ পক্ষীৰ মধ্যে কাক।
ক্ৰোধমন্ত সন্যাসী চাণ্ডাল বুলিতাক॥
এহিমতে চাণ্ডাল আচই বহুতৰ।
মই পুনু চাণ্ডাল নহও একে সৰ॥
হেন জানি বাপ তুমি ক্ৰোধ পৰিহৰি।
ৰাজাত জনোৱা গই আমাৰ বাতৰি॥
বৈসম্পায়ন বদড়ি শুনিয়ো নৰেশ্বৰ।
হেন শুনি ভীমসেন ভৈলা নিৰোত্তৰ॥