পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১০ )

গুৰু গৌৰৱক নিন্দা কৰে যিটোজন।
তাঁহাক চাণ্ডাল বুলি কহে মুনিগণ॥
যজ্ঞ বিধ্বংসয় চুৰি কৰে সৰ্ব্বকাল।
এহি চাৰি বিধ জানা কৰ্ম্মত চাণ্ডাল॥
জাতিত চাণ্ডাল যিটো সিটো একবিধ।
অকৰ্ম্মী চাণ্ডাল যিটো সেহিসে নিষিদ্ধ॥
তিন গোটা সন্ধ্যা যাৰ বৃথা হুয়া যাই।
উপাসনা নকৰে মাত্ৰ ফুৰে ভক্ষচাই॥
পিতৃ দেবতাক নকৰয় পিণ্ডদান।
এই দুই চাণ্ডাল জানিবা বিদ্যমান॥
বিপ্ৰহুয নকৰয় বেদ ব্যৱহাৰ।
বোলয় চাণ্ডাল তাক জানা সাৰে সাৰ॥
অকাৰণে বনক পোৰয় যিটো জন।
চাণ্ডাল বুলিযা তাক কহে মুনিগণ॥
নকৰয় দন্তশুচি পাদ প্ৰক্ষালন।
নকৰয় শালগ্ৰাম দৰ্শন পৰ্শন॥
ভুঞ্জই ভুঞ্জাৱে মাত্ৰ পুত্ৰ পৰিবাৰ।
বোলই চাণ্ডাল তাক জানা সাৰে সাৰ॥
শূদ্ৰহুয়া কৰে কপিলীৰ খীৰ পান।
ব্ৰাহ্মণী হৰয় ব্ৰাহ্মণক নাহি মান॥