পৃষ্ঠা:ধৰম গিত.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
মনক চেতন দিয়া।

তেঁওৰ চৰনত সকলো সাৰ
আস্ৰই লৈ হবা সংসাৰ পাৰ।

 হে খ্ৰিষ্ট দায়ামই,
 তোমাৰ প্ৰেম অতিসই,
 খেমা কৰি মোৰ পাপ
 গুচুআ সকল তাপ;
মই সেসৰ কালত মুক্তি পাই,
অনন্ত স্তুতি গাম সদাই।  ন. ল.

৮১

"Arise, my soul, arise."
Lenox. H. M.

 উঠা, হে মন, উঠা,
 দুৰ কৰা দুষ্ট সংসই,
 য়িচু বলি দেখা,
 তেঁওৰ তেজ মোৰ কাৰন বই;
মোৰ লগা হৈ তেঁও স্বৰ্গে গল,
মোৰ নাম তেঁওৰ হাতত লিখা হল।

তেঁৱেই পিত্ৰিৰ মৰম
বিনইকৈ মোক পোআই,