পৃষ্ঠা:ধৰম গিত.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
মনক চেতন দিয়া।

৮০

The Soul admonished.
Lenox. H, M.

 চেতন হোআ হে মন,
 ধৰা য়িচুৰ চৰন,
 তেঁওৰ দায়াৰ বাজে নাই
 মুক্তিৰ একো উপাই;
তেঁওৰ চৰনত সকলো সাৰ,
আস্ৰই লৈ হবা সংসাৰ পাৰ।

 তেঁওত কৰি ভাৰসা
 সকল পাপ এৰিবা;
 কৰা ধৰ্মত মতি
 তেঁওত কৰি ভকতি;
তেঁওৰ চৰনত সকলো সাৰ,
অস্ৰই লৈ হবা সংসাৰ পাৰ।

নেৰিবা তেঁওৰ চৰন,
পাচত আচে মৰন,
তেঁওত কৰা দ্ৰিঢ় বিশ্বাস,
দিব তেওঁ মুক্তিৰ আস;