পৃষ্ঠা:ধৰম গিত.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
খ্ৰিষ্টলৈ প্ৰাৰ্থনা।

৬৮

Prayer for Christ's Assistance.
Good Shepherd. 8, 7.

১.

প্ৰভু য়িচু অন্তৰ্জামি
 তুমি কেৱল ভগৱান;
মই পাপিএ তোমাক জানি
 সদাই কৰোঁ স্তুতি গান।

এই সংসাৰৰ মায়াৰ জালত
 পৰি আচোঁ নিৰুপাই;
তুমি প্ৰভু ক্ৰিপা কৰি
 দিয়া মনক উদগাই।

সক্তি দিয়া প্ৰভু য়িচু,
 জিনিবলৈ চইতান ফান্দ;
তোমাৰ পথত চলাই নিয়া,
 কাটি সকল পাপৰ বান্ধ।

য়িচুত আস্ৰই জি লোক কৰে
 পাব মনৰ সান্তনা;
স্বৰ্গে নিব কুসল দিব
 গুচাই সকল জাতনা।   ব. প.

ঙ ৩