পৃষ্ঠা:ধৰম গিত.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৬৪

Sinner's Prayer.

Ocean. 8, 7.

প্ৰভু, আমি জন্মৰ পাপি,
 দুষ্ট আৰু দুৰাচাৰ;
অনেক পাপত হলোঁ তাপি,
 কিন্তু তুমি প্ৰেম আধাৰ।

এই নিমিতে এৰি প্ৰভু
 তুমি অপোন নিজে প্ৰান,
কৰি পাপিৰ মহা প্ৰাচিত,
 দিলা সকল পাপৰ ত্ৰান।

তাতে প্ৰভু আসা জন্মি,
 তোমত কৰোঁ নিবেদন;
সকল পাপক খেমা কৰি,
 সুচি কৰা আমাৰ মন।

জিৱনৰে মৰনৰো।
 তুমি আমাৰ অধিকাৰ;
স্বৰ্গে মৰ্ত্যে কোনো থানত
 তুমি বিনে নাহি আৰ।   ন. ল,