পৃষ্ঠা:ধৰম গিত.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
খ্ৰিষ্টলৈ পাপিৰ প্ৰাৰ্থনা।

৬৩

Sinner's Prayer.
Bangor. C. M.

কি কৰিম মই পাতকি জন,
 মই কেনে পাম উধাৰ?
অগনন পাপ, মোৰ দুষ্ট মন,
 পাপ হেতু নাই নিস্তাৰ।

বিনা প্ৰভু য়িচুৰ চৰন
 আমাৰ কাতো নাই ত্ৰান;
মুক্তিৰ উপাই প্ৰভুৰ মৰন,
 তাত ৰখ্যা হই মোৰ প্ৰান।

প্ৰভু, তুমি মোৰ ভাৰসা
 দুৰ কৰা মনৰ দুখ;
আপোনাৰ হাতে মোক ৰাখা
 তেহে মোৰ হব সুখ।

প্ৰভু, মোৰ দাই জেন খণ্ডা জাই,
 মোৰ মনত আচে ত্ৰাস;
কি হব, এই চিন্তন সদাই,
 য়িচু নেৰিবা দাস।  ক.স.