পৃষ্ঠা:ধৰম গিত.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
য়িচু ত্ৰান কৰ্তা।

এই কাৰন ধৰোঁ গান,
তেঁওত আমাৰ পৰিত্ৰান।

আমি অতি পাপি
মনৰ দুখে তাপি,
দেখি এই অৱস্থা
প্ৰভুৰ লাগিল বেথা;
সেই কাৰন স্বৰ্গৰ সুখ
এৰি ভুঞ্জিলে দুখ,
কেৱল পাপিৰ কাৰন
দেহা কৰি ধাৰন।

এনে প্ৰভুৰ মৰম,
পাপিৰ কাৰন ধৰম
দিলে দয়া কৰি;
তাতে সংসাৰ তৰি,
পাব অনন্ত সুখ,
গুচি সকলো দুথ;
এই কাৰন প্ৰভুৰ জেন
প্ৰসংসা হওক, আমেন।
 ন. ল.