সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সলনি হৈ দুখ ভোগ খাই পেৰেঙ্গনিৰ ওপৰত ম্ৰিত্যু হল। কোনো মতে জেন আমি অনন্ত ম্ৰিত্যুৰ পৰা ৰখ্যা পোআ হব পাৰোঁ, তেঁও আমাৰ কাৰনে এক দুখৰ জিৱন সহিবৰ পা- চতো আমাৰ পাপৰ ধাৰ জি কেলেস, তাক তেঁও সহিলে; আৰু কেৱল সেয়ে ন হই, আমাৰ অনন্ত দণ্ডৰ জোগ্যৰ ঠাইত তেঁও বিনা মুল্যে আমাক অনন্ত জিৱন আৰু সুখ দান দিবলৈ জাচি আচে; আৰু সকলো পাপি জি কোনোএ মন পালটাই খ্ৰিষ্টত বিস্বাস কৰি ত্ৰান কৰ্তা বুলি আনন্দেৰে গ্ৰহন কৰে, সেয়েই দণ্ডৰ পৰা মুক্তি পাব। আৰু মোৰ প্ৰিয় য়ান, তুমিও এই অমুল্য য়িচুত বিস্বাসৰ দো- আৰাই ৰখ্যা পাব পাৰা, আৰু মনত ৰখা অকল তেঁওতহে বিস্বাসৰ দোআৰাই তুমি আ- পোনাৰ পাপৰ খেমা আৰু অনন্ত সুখ পাব পাবা। জদিও সিখ্যকে এনে সৰল আৰু পোন কথাৰে সেই লৰাই সৈতে কথোপকথন কৰিলে, তেও সেই কথাৰ মাজত কিচু কথা থাকিল, জি সেই লৰাই বুজিব নোআৰিলে;