পৃষ্ঠা:ধৰম গিত.djvu/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০

তেতিয়া য়ানে চিত্‌কাৰ কৰি কলে, হে মোৰ প্ৰিয় সিখ্যক, সেই প্ৰিয় য়িচুৰ ওচৰলৈ মোক লৈ জোআ, কিয়নো তেঁওক দেখিবলৈ আৰু তেঁওৰ মহত প্ৰেমৰ ধন্যবাদ কৰিবলৈ মোৰ বৰ ইচ হৈছে। পাচে সিখ্যকে বুলিলে, মোৰ প্ৰিয় য়ান, তোমাৰ এই স্বভাবিক চকু- এৰে প্ৰভু য়িচুক দেখিব নোআৰা; তেঁও এতিয়া স্বৰগত ৰাজ সাসন কৰে, তেঁও সত্য ইস্বৰ, আৰু তেঁও সদাই আমাৰ চাৰিও ফালে ওচৰতে আছে; তেঁও সকলো বস্তুকে দেখে আৰু সুনে। য়ান, জেনেকৈ তুমি আন কো- নো মানুহে সৈতে সমুখা সমুখি হৈ কথা বাত্ৰা হোআ, তেনেকৈ এতিয়াও তেঁওৰে সৈতে তুমি কথা হব পাৰা, কিয়নো তেঁও সকলো ঠাইতে আচে। এই হেতুকে হে মোৰ প্ৰিয় য়ান, আঁহা, প্ৰভু য়িচুৰ আগত আমি আঁঠু ভোৰি প্ৰাৰ্থনা কৰোঁ, তেঁও জেন আমাক পবিত্ৰ আত্মাৰ দান দিএ, জাৰে আমি এতিয়াৰে পৰা পাপ এৰি তেঁওক সদাই প্ৰেম কৰিবলৈ আৰু ইস্বৰৰ ইচাৰ মতে আচৰন কৰিবলৈ আমাৰ