সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


কথা য়ানে সুনি মনত খেদ পাই কান্দি কলে, তেন্তে সেই অনন্ত দুখ আৰু পাপৰ পৰা ৰখ্যা পাবৰ কোনো উপাই নাই নে? ন হই, প্ৰিয় য়ান, আমাৰ মাজত নাই, প্ৰচাৰকে বুলিলে; আমাৰ আপোনাৰ মাজত কোনো উপাই নাই; কিন্তু ক্ৰিপাৱন্ত ইস্বৰে আমালৈ মৰম কৰি এক ঠিক জোগ্য উপাই কৰি দি- লে। তেতিয়া য়ানে বৰ ইচাৰে সুধিলে, সেয়ে নো কি উপাই, তাকে মোত কোআ। হাই হাই; প্ৰিয় য়ান, এই বুলি উপদেসকে উতৰ দি কলে, আমি সকলোএ পাপি, আৰু উচিত মতে বিনাসি আচোঁ‌। কিন্তু এই অদ্বিতিয় দায়া, আমাৰ স্বৰগৰ ৰ্পিত্ৰিএ আপোনাৰ একে জনা প্ৰিয় পুত্ৰকে আমালৈ দিলে, আৰু মানু- হৰ পাপ তেঁওৰ ওপৰত লবলৈ তেঁওক আ- মাৰ এই প্ৰিথিবিত পঠালে; পাচে তেঁওৰ ডেৰ কুৰি বচৰ বয়স হলত মানুহে জেনেকৈ অনন্ত কাললৈকে সুখে থাকিব পাৰে, তেঁও তেনে বৰ কাৰ্জ আৰম্ভিলে। কিন্তু তাতকৈও এয়ে কেনে এক আচৰিত, জে তেঁও আমাৰ