সমললৈ যাওক

পৃষ্ঠা:ধৰম গিত.djvu/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫

বৰ লগত কথা হৈ থাকে। পাচে পাদুৰি বৰ্পি চাহাবে প্ৰাৰ্থনা কৰিবলৈ আহিলে; তেঁওৰ প্ৰাৰ্থনা মনে বুজাৰ দৰে সুনিলে; জেতিয়া অন্ত হল, তেতিয়া তেঁও বুলিলে, আমেন, ইস্বৰৰ ইচা পুৰ হওক। আৰু জি নতুন মিস্যনেৰি চাহাব অচম দেসলৈ আহিচে, সিবিলাক বেগাই নিৰ্বিঘিনিএ আহিব লৈ বৰ ইচা কৰি তেঁও অনেক কথা কবলৈ ধৰিলে। গধুলি বেলি পাদুৰি বৰ্পি চাহাবে আকও প্ৰাৰ্থনা কৰি এঁটাই তেঁওত সুধি লে, তোমালৈ খ্ৰিষ্ট প্ৰিয় হৈচে নে, আৰু অকল তেঁওত তোমাৰ বিস্বাস আচে নে? তেঁও বুলিলে, হই, মোৰ বিস্বাস অকল তেঁওতে আচে; কিন্তু আন কালৰ দৰে প্ৰভু মোৰ ওচৰ হোআ জেন নে পাঁও; মই প্ৰথমতে জাহাজত উঠিবৰ দিনা তোমাত কৈচিলোঁ, মোৰ প্ৰিয় প্ৰভুৰ ওচৰত থাকিবলৈ বৰ বাঞ্চা হই; আৰু মোৰ সৰিল আত্মা সকলোকে তেঁওত সোধাই দিবলৈ জতন কৰিলোঁ, কিন্তু তেঁওৰ আগত একোৰো জোগ্য