এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মৰিবৰ কাললৈকে তেঁওৰ মনত কেতিয়াবা কেতিয়াবা ভ্ৰম হৈচিল। ২৯ দিনৰ গধুলি আন কালৰ দৰে বিচনালৈ উঠি সুলে; পাচে পুআ ৪ বাজিবৰ সমই নিৰুস্বাস হৈ বিচনাৰ পৰা নামি, তাতে আউজি থকাত মেম চাহা- বে সুনি সাৰ পাই, তেঁওক তুলি ধৰি চকিত বহুআলে। পাচে উখাহ লৈ অলপ স্বস্ত হৈ তেঁও কলে, মোৰ বল নাই কিয়া, মোক খা- বলৈ কিচু আৰুৰুত দিয়া, ইয়াকে বোলাত মেম চাহাবে তাক সিজাবলৈ হুকুম দি ডক্তৰ চাহাবক মাতিবলৈ গল। তেতিয়া ডক্তৰ চা- হাবে আহি চাই মেম চাহাবত কলে, তোমাৰ স্বামি জিব নোআৰে, অলপতে মৰিব। মেম চাহাবে সেই কথা শুনি বৰ অসন্তোস লাগিল, আগেয়ে মৰিব জেন বুজা নাই। পাচে ডক্তৰ চাহাব আদি লোকে বিচনাত তুলি সুআই থলে; তাৰ পৰা সেসলৈকে উঠিব নোআৰি- লে। তাতে আগতকৈ মন অথিৰ হৈ মাজে মাজে বাতুল জেন হই, আৰু তেঁও গুআহা- টিত জেন অচে, আগৰ চিমন ডক্তৰ চাহা-