পৃষ্ঠা:ধৰম গিত.djvu/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

প্ৰভুত মোৰ আচিল কেনে ৰঙ্গ,
 প্ৰথমে পাই দৰ্সন!
অহ, কলৈ গল সেই সুখৰ কাল!
 মধুৰ জেন তাৰ স্মৰন।

ঘুৰি আঁহা, স্বৰ্গিয় কুপৌ,
 মোৰ খেমা কৰা দোস;
তোমাক খেদালে জি মোৰ পাপ,
 তাক ঘিনাঁও অসন্তোস।

তোমাৰ অহিতে জি জি লোভ
 মই প্ৰিতি কৰোঁ মন,
তাক কাৰ্হি পেলাওক, মোৰ ৰিদই
 হওক তোমাৰ সিংহাসন।

 তাৰ আগৈএ এদিন গধুলি মেম চাহাবক আপোনাৰ বিচনাৰ ওচৰলৈ মাতি, অতি প্ৰিতিৰে কলে, মোৰ প্ৰিয়া জেইন, প্ৰভুত মোৰ প্ৰেম আৰু বিস্বাস জেন বাৰ্হে, অৰু প্ৰভু জেন মোৰ ওচৰত থাকিব, এই নিমিতে তুমি প্ৰাৰ্থনা কৰি থাকা। তেতিয়াৰে পৰা