পৃষ্ঠা:ধৰম গিত.djvu/৪০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১

তে লগ পালে। এই দুজন চাহাব আৰু আন অনেক চাহাব, মেম আৰু বাবাবিলাকো ডিচেম্বৰ মাহত কেম্পৰ্ডাওন নামে জাহাজত উঠি গল। তাৰে পৰা ৬ মাহলৈকে কেম্পৰ্ডাওন জাহাজ আৰু চাহাব লোকৰো একো বাত্ৰা নে পালোঁ। পাচে এপ্ৰিল মাহৰ ১৫ দিন নত লণ্ডন নগৰ পাই মেম চাহাবে আমালৈ চিঠি লেখি পঠালে। সেই চিঠি পাই আমিও বৰ অসন্তোস মনেৰে সুনিলোঁ, তেঁওৰ প্ৰিয় স্বামি বাৰ্কৰ চাহাব জানুআৰি মাহৰ ৩১ দিন জোআত আফ্ৰিকাৰ দাঁতিতে জাহাজে জাঁও- তে বৰ ধুমুহা বতাহ হোআ কালত মচাম্বিক নামে সাগৰৰ এক অঞ্চল পালত ম্ৰিত্যু হল। পাচে তেঁওৰ মৰা স পেৰাত সুমাই পানিত নমাই ডুবাই দিলে।

 আৰু মেম চাহাবে চিঠিত জি জি লিখিচিল, তাক ক্ৰমে লিখা হব। আমি কলিকতা এৰি গৈ সাগৰ পালত মোৰ প্ৰিয় চাহাবৰ গা ক্ৰমে ক্ৰমে বাৰু কৰিচে, অলপতে আগৰ দৰে ভাল হব, ইয়াকে ভাবিচিলোঁ। কিন্তু