পৃষ্ঠা:ধৰম গিত.djvu/৩৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

 জি। হই আই, বিমলাই সৈতে দেখা হৈচিলোঁ।

 মা। তাই কি কৰিচিল?

 জি। কেতবিলাক পুতলা সাজিচিল।

 মা। তাই তোমাক কিবা কথা কৈচিলে নে?

 জি। তাই কলে আঁহা ভনি, আমি পুতলা নি পুজা কৰোঁগৈ; তাতে মই কলোঁ, ন হই ভনি, মই পুতলা পুজা ন কৰোঁ; জি পৰম ইস্বৰ আচে, তেঁওৰহে ভজনা কৰোঁ। পাচে বিমলাই কলে, ইস্বৰ নো কেনে? তাইক মই এই উতৰ দিলোঁ, তেঁও নিৰাকাৰ আত্মা, আৰু তেঁও সকলো ঠাইতে আচে, আমাক সকলো বস্তু দি প্ৰতিপাল কৰিচে; আৰু তেঁওক দি তুষ্ট কৰিবলৈ এনে একো বস্তু নাই, কেৱল মানুহৰ মনহে আচে, মন দিলেই তেঁও তুষ্ট হই; আৰু কায়ে বাক্যে মনে সৈতে তেঁওৰ আগ্যা। মানিলে তেঁও তুষ্ট হই। কিন্তু তেতিয়া সেই ঠাইত জি মানুহবিলাক আচিল, সিহঁতে মোৰ এই কথা সুনি কঠিন বাক্যৰে মোক গালি পাৰি নিন্দা কৰিবলৈ ধৰিলে।