পৃষ্ঠা:ধৰম গিত.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৮

গত কবা, বৰ্হম্পুৰত জি সৰু হেনৰি মৰিল, সিয়ে তুতিকৈ এই প্ৰাৰ্থনা কৰিচে, জেন এই দুখিয়া বেহেৰা জি জনে খ্ৰিষ্টিয়ান হোআত জাতি গৈচে, দয়ালু স্মিথ চাহাবে তাক প্ৰতিপালনৰ উপাই দিব। তেতিয়া মই জাতি তিয়াগ কৰিম, বা ন কৰিম, ইয়াকে নিচইকৈ নে জানোঁ, এই কথা বেহেৰাই কব খুজিলে; কিন্তু হেনৰিএ তাৰ মুখত হাত দি কলে, বোলে, ন কবা, ন কবা। জিহতে ইস্বৰে তোমালৈ ক্ৰোধ কৰিব, আৰু পাচে তুমি নৰকি হবা, এনে কথা ন কবা, কিয়নো মই জানোঁ তুমি খ্ৰিষ্টৰ সেৱক হৈ মৰিবা। ইস্বৰে তোমাৰ ওপৰত উতম কৰম কৰিবলৈ ধৰিচে, তেঁও তাক সিধি কৰিব।

 এই কথা কোআৰ সময়তে বেৰন মেমে খোঁটালিৰ মাজলৈ আহি, সিহঁতৰ কথা বাত্ৰা জেন ভঙ্গা ন হই, এই নিমিতে খাটৰ পাচ ফালে থিয় হৈ থাকিল। পাচে তেঁও আগলৈ আহিলত হেনৰিএ দেখা পাই নিবেদন কৰি কলে, বোলে, মোৰ মুৰৰ টুপি গুচাই কি-