পৃষ্ঠা:ধৰম গিত.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৭

তুমি মোক মৰম কৰিচিলা। তুমি জি ৰুপ পাটনাৰ জিলাতে মোৰ আইৰ ঘৰৰ ওচৰৰ বাৰিৰ মাজলৈ মোক লৈ ফুৰাইচিলা, সেই প্ৰথম কথা মোৰ মনত আচে। তেতিয়া তোমাৰ বাহিৰে মোক আৰু কোনেও দায়া ন কৰিচিল; এই কাৰনে মই আপুনি এতিয়া সুখত থাকি, তোমাক নৰকৰ বাটত জাবলৈ এৰিব পাৰিম নে? মই তেনে কৰিব নোআৰোঁ। ইস্বৰৰ ধন্যবাদ হওক, ইস্বৰৰ ধন্যবাদ হওক, কিয়নো মই জানিচিলোঁ তেঁও মোৰ প্ৰাৰ্থনা সুনিব, কিন্তু মোৰ ম্ৰিতুৰ পাচতহে তুমি খ্ৰিষ্টিয়ান হবা। এনেকৈ ভাবিচিলোঁ। হেনৰিএ আৰু কলে বোলে, বেহেৰা, মই মৰিলে পাচত তুমি কলিকতাৰ স্মিথ চাহাবৰ তলৈ জাব। জদি মই লিখিব পাৰিলোঁহেঁতেন তেনে হলে তেঁওলৈ চিঠি দিলোঁহেঁতেন। কিন্তু তুমি মোৰ একোঁচা চুলি তেঁওৰ আগলৈ লৈ জাবা, আৰু কবা, সৰু হেনৰিএ ইয়াকে দি পঠাইচে। মই বেৰন মেমৰ হতুআই তাক কটাই তুলাপাতৰ মাজত সুমাই থম। তুমি তেঁওৰ আ-

ঙ্গ ২