পৃষ্ঠা:ধৰম গিত.djvu/৩৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৯

চুমান চুলি কাটা, কিয়নো মোৰ কেতবোৰ মিতিৰ মানুহে তাক খুজিচিলে। বেৰন মেমেও তাৰ ইচাৰ দৰে কৰিবলৈ ধৰিলে; কিন্তু জেতিয়া তেঁও তাৰ টুপি গুচালে, তেতিয়া তাৰ সুন্দৰ চুলি তাৰ আনন্দ মুখৰ চাৰিও ফালে পৰা দেখি, মনত পৰিল জে বেগতে তাক আৰু নে দেখিম; এই দৰে মনত চিন্তি, আপোনাৰ সোক সামৰিব নোআৰিলে। আৰু আপোনাৰ হাতেৰে ধৰি তাক বুলিলে, হে মোৰ প্ৰিয় লৰা, তোমাক বিদাই দিয়াটো মই সহিব নোআৰোঁ। ইয়াতে সেই সৰু লৰাৰো মন কিচু অথিৰ হৈ, বেৰন মেমক অতি নম্ৰকৈ মিনতি কৰি কলে, “মোত তুমি প্ৰিতি কৰা হলে, তেন্তে পিত্ৰিৰ ওচৰলৈ জাঁও, মোৰ এই কথাতে তোমোলোকৰ আনন্দ হ'লহেঁতেন”। য়োহান ১৪ আধ্যাৰ ২৮ পদ।

 সেই ৰাতিতে হেনৰি অতি নিৰ্বলি হৈ গল, আৰু পাচৰ দিনা সন্ধিয়া বেলিত অচেতনৰ দৰে আচিল। জেতিয়া তাক দৰব বা খোআ বস্তু দিবৰ নিমিতে জগোআ হৈচিল, তেতিয়া সি