পৃষ্ঠা:ধৰম গিত.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৫

ৰিদই আনন্দেৰে পুৰ হৈ আচিল। ঘণ্টা চাৰেকলৈকে সি টোপনিতে আচিল, পীচে সাৰ পাই বেৰন মেমক মাতিলে, আৰু তেঁও তাক দানাপুৰত জি গিত সিকাইচিল, সেই গিতৰ এপদ গান কৰিবলৈ কলে; কিয়নো তাকে সি বৰ ভাল পাইচিল। সেই গিত ৩৩। ৩৪ পিথিত লিখা আচে।

 জেতিয়া বেৰন মেমে এই গিত গাইচিল, তেতিয়া হেনৰিৰ মন হৰিস দেখা গল; কিন্তু সি কথা কব নোআৰিলে।

 সেই দিনা সন্ধিয়া বেলা বেহেৰাই আপোনাৰ সৰু চাহাবৰ লগত অকলসৰে আচিল; সি তাক সাৰ পাই থকা দেখি, কথা কবৰ ইচা জেন বুজি কলে, অস! চাহাব, মই পাপিষ্ট, আৰু সদাই পাপ কৰাতে আজি দিনটো ভাবি আচোঁ। মই স্বৰুপকৈ জানিচোঁ, গঙ্গাৰ জলেৰে মোৰ পাপ কেতিয়াও গুচুআ হব নোআৰে। মই জেন খ্ৰিষ্টত বিস্বাস কৰিব পাৰোঁ, এনে বাঞ্চা কৰোঁ।

 হেনৰিএ এই কথা সুনিলতে, উঠি বহিবলৈ