পৃষ্ঠা:ধৰম গিত.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৪

ধুআলে। তেঁৱে মোক ন মন দিলে, আৰু বস্ত্ৰৰ নিচিনা পৰিত্ৰানেৰে মোক পৰিধান কৰাই সোভিত কৰালে; তেঁও মৰনক লুকুআই জিবন আৰু অমৰনক প্ৰকাশ কৰিলে। তাৰ পাচত হেনৰিএ আপোনাৰ বেহেৰাৰ ফাললৈ চাই কলে, অস! মোৰ প্ৰিয় বেহেৰা, এনে মহা পৰিত্ৰান হেলা কৰিলে তোমাৰ কি গতি হব? ইব্ৰিলৈ পত্ৰ ২ আধ্যাৰ ৩ পদ। হে আমাৰ প্ৰভু য়িচু খ্ৰিষ্ট, মোৰ এই প্ৰিয় বেহেৰাৰ মন পালটোআ। হেনৰিএ এই চুটি প্ৰাৰ্থনা হিন্দুস্থানি ভাসাৰে কৰিলত, তাৰ বেহেৰাও সেই দৰে কৰিলে, কিন্তু সি কি কলে ইয়াক প্ৰায়ে নে জানিলে। অনেক দিনৰ পাচত সি এই কথা স্মিথ চাহাবৰ আগত কলে, বোলে, সত্য ইস্বৰৰ আগত সেয়ে মোৰ প্ৰথমে কৰা প্ৰাৰ্থনা আৰু প্ৰথমৰ বেলি মই তেঁওৰ পবিত্ৰ নাম উচাৰন কৰা সেয়ে।

 হেনৰিএ এই সকলো কথা কৈ এঁটাই, আপোনাৰ মুৰ গাঁৰুৰ ওপৰত থৈ চকু মুদিলে। তেতিয়া তাৰ সৰিল নিৰ্বলি আচিল হই, কিন্তু