পৃষ্ঠা:ধৰম গিত.djvu/৩৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৩

 হে দায়ালু বেৰন মেম, জেতিয়া মই অগিয়ানি আৰু পাপি লৰা আচিলোঁ, তেতিয়া তুমি মোক প্ৰিয় ত্ৰান কৰ্তাৰ পৰম গিয়ান জনালা; আৰু মৈদামত সুআবলৈ জি অতি খৰকৈ আহিচে, ত্ৰান কৰ্তাৰ তেজেৰে কিনা সুগন্ধি তেলেৰে মোক ঘঁহালা।

 তেতিয়া ক্ৰন্দন সামৰিবলৈ আসকতিয়া হৈ, বেৰন মেমে কলে, হে আমাৰ প্ৰিয় লৰা, হে আমাৰ প্ৰিয় লৰা, এই কথাত ইস্বৰকহে ধন্যবাদ কৰা।

 হেনৰিএ কলে, হই, তেঁওৰ গুন কিৰ্তন সদাই কৰিম, আৰু সি আপোনাৰ খাটৰ

ওপৰতে উঠি বহি, আপোনাৰ খিনোআ সৰু আঙ্গুলিবোৰেৰে হাত কৰজোৰ কৰি কলে; হই, মই তেঁওক স্তুতি কৰিম, মই তেঁওক প্ৰেম কৰিম। মই মহা পাপি আচিলোঁ, মোৰ মনৰ সকলো ভাবনা সদাই বেয়া, আটাই ভাল কথা ঘিন কৰিচিলোঁ, মোৰ স্ৰিষ্টিকৰ্তাকো ঘিন কৰিছিলোঁ, কিন্তু তেঁও মোক বিচাৰিলে আৰু আপোনাৰ তেজেৰে মোৰ পাপ

ঙ্গ