পৃষ্ঠা:ধৰম গিত.djvu/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬২

ওপৰে ওপৰে তাৰি হতুআই লিখাই, পাচে তাৰ হাত আহিলে সি আপুনিয়েই লিখে। এই ৰুপে হেনৰিএ লাহে লাহে হিন্দুস্থানি ভাসাৰ পুথি খন ভাঙ্গি লিখাৰ আগৈয়ে, বেহেৰাক সকলো আখৰ সিকালে।

 এদিন স্মিথ চাহাবে হেনৰিক বুলিলে, হে মোৰ লৰা, এতিয়া উপদেস দিয়াৰ জি উচিত পুৰনি পথ ইস্বৰৰ দোআৰাই থাপনা হৈচিল তাতে তুমি চলিচা। কিন্তু আপোনাৰ গিয়ানৰ ওপৰত বিস্বাস ন কৰি, কেৱল ইস্বৰ বাক্যতে ভাৰসা ৰাখা। হে মোৰ চেনেহৰ লৰা, তুমি ধৰম পুথিকে দ্ৰিঢকৈ ধৰা, তেনে হলে তুমি নিৰ্বিঘিনিএ থাকিবা, আৰু জি কঠিয়া তুমি সিঁচা, তাক সিঘ্ৰে গজিবৰ দেখা নে পালে, অথিৰ ন হবা। আমি মৰাৰ আগৈএ বেহেৰা খ্ৰিষ্টিয়ান হোআ দেখিবলৈ আমাৰ বৰ ইচা হই, তথাপি জদি আমি নে দেখোঁ, তেও আমাৰ পাচত জিয়াই থকাবিলাকে দেখিব।

 ইয়াৰ পাচত হেনৰিৰ মাকে কলিকতাৰ পৰা আপোনাৰ ঘৰলৈ জাবৰ সমই পালেহি।